Saturday, November 26, 2011

পুৰাতন সেউজীয়া

বসন্তৰ এটি ৰাতিপুৱা,
স্বপ্ন-দিঠকৰ আলিদোমোজাত
দেখিছিলো তোমাক |
তোমাক দেখিয়েই

লঠঙা গছবোৰত

ফুলিছিল হৃদয় ৰঙৰ
ফুলবোৰ |
আৰু মই থমকি ৰৈছিলো,
পুৰাতন সেই আলিত;
য’ত পাৰি থোৱা আছিল
তলভৰি সৰা শুকান পাতৰ
এখন দলিচা |
মই জানো, এই বাটেৰে গ’লেই পাম,
পুৰাতন সেই সেউজীয়া দেশ |


ৰচনাকাল- ০৬ এপ্ৰিল ২০১০ (২১ বছৰ)

No comments:

Post a Comment