তেওঁক এইবাটে অহা দেখিছিলোঁ ;
তেওঁ কোনদিশে গ’ল, নেজানো |
পলাশ, মদাৰৰ আৰু শিমলুৰ
ডালত সেইবোৰ কিহৰ নিচান ?
ঔ-জোপাৰ তলত শুকান পাতৰ
খৰখৰনি শব্দ |
ক’ৰবাৰ পৰা উৰি অহা দুটি
ফেঁচু চৰাই, উৰি গ’ল কেনিবা !
ফাগুনী পছোৱাজাকে কোবাই যোৱা
বিজুলী বাঁহৰ আগবোৰ লৰিছে |
পথাৰৰ মাজৰ আঁহতজোপাত
এটিও পাত নাই |
তেওঁক এইবাটে অহা দেখিছিলোঁ
তেওঁৰ পিছে পিছে গ’ল নেকি,
আঁঘোণৰ সোণবৰণীয়া ৰ’দ আৰু
পুহ-মাঘৰ শীতাৰ্ত সন্ধিয়াবোৰ ?
বাৰীৰ চুকৰ ঔ-জোপাৰ তলত
এজাক শালিকাৰ কোলাহল |
তেওঁক এইবাটে অহা দেখিছিলোঁ ;
তেওঁ কোনদিশে গ’ল, নেজানো |
ৰচনাকাল-০২ জানুৱাৰী ২০০৮ (১৯ বছৰ)
No comments:
Post a Comment