Thursday, July 4, 2013

জেতুকা ফুলৰ দৰে

(হীৰুদালৈ শ্ৰদ্ধাৰে)

জেতুকা ফুলৰ দৰে 

নেহাঁহিবা তুমি;
নিলাজ শাওঁণ হৈ 

পৰিব পাৰোঁ ম‍ই।
তুমিটো জানাই 
শাওঁণত মোৰ দুৰ্বাৰ গতি।
নৈ পাৰত ৰৈ

সিপাৰলৈ বেঙামেলি চাম।
কিজানিবা দেখাঁ পাওঁ

তোমাৰ দুহাত জিলিকি থকা,
সেউজীয়া সাগৰখন
।
পথাৰৰ বোকা লাগি 

ৰঙচুৱা তোমাৰ নখত,
বেলি ডুবা চাবলৈ যাম
।
তোমাৰ স’তে একেলগে 

নৈপাৰত সন্ধিয়া বেলা।

ৰচনাকাল- ০৪ জুলাই ২০১৩

Monday, June 10, 2013

জিকা ফুল

সন্ধিয়াৰ জিকা ফুল।
সোঁৱৰাই দিয়ে,
উভতি নহাৰ বতৰা।
আলোকচিত্ৰ: জিকা ফুল (c)

ৰচনাকাল-২৯-১২-২০১২