অকলশৰে বহি আছো মই ;
নাহিবা মোৰ নিস্তব্ধতা ভাঙিবলৈ।
আজি সকলো নিশ্চূপ, নিশব্দ।
সময়বোৰ থমকি ৰৈছে যেন মোৰ বাবে,
আৰু ময়ো এই জীৱনত।
তথাপি তোমাৰ বুকুৰ সেউজীয়াখিনি দেখি
আজি মোৰ উভতি যাবৰ মন গৈছে ;
সুদূৰ অতীত গৰ্ভৰ ল’ৰালি, কিশোৰলৈ।
সেই বোকা-পানীৰে ভৰা পথাৰলৈ,
শৰত্ত তলভৰি সৰা নিয়ৰসিক্ত শেৱালি
বুটলিবলৈ আৰু আঘোণৰ সোনোৱালী
ধাননিত লেচেৰি বুটলিবলৈ।
মাঘত নঙঠা নৰাৰে সজা মেজি জ্বলাবলৈ
আজি মোৰ বৰ মন যায়।
কিন্তু আজি মই নিশ্চুপ, নিশব্দ।
চাৰিওফালে গভীৰ নিস্তব্ধতা।
দেৱাল ঘড়ীটোৱেও আজি মতা নাই
টিক টিক কৈ। চাগৈ ই মৰি আছে।
আজি যেন সময়বোৰ থমকি ৰৈছে, মোৰ বাবে,
আৰু ময়ো এই জীৱনত।
তুমি নাহিবা মোৰ নিস্তব্ধতা ভাগিবলৈ।
ৰচনাকাল-২৪ জুন ২০০৬ (১৭ বছৰ)
Monday, December 31, 2012
Wednesday, November 21, 2012
সভ্যতাৰ কংকাল
বিষাদৰ বালি চাপৰিত
নিসংগতাৰ পদচিহ্ন।
অভিমান কাৰ বাবে?
সেউজীয়া পথাৰখন
সোণোৱালী হৈ পৰে,
আৰু তাৰ পিছত;
নিসংগতাত ডুবি থাকে
পুহৰ ঠেঁটুৱৈ লগা জাৰত।
ফাগুনৰ পথাৰখনৰ
পিয়াহৰ বিননি।
এটোপাল পানীত
জী উঠা এই আমাৰ
সভ্যতাৰ নৰকংকালবোৰৰ
জনজননি।
ৰচনা- ২১ নবেম্বৰ ২০১২ (২৩ বছৰ)
Sunday, August 12, 2012
এটি চুটি কবিতা
পলাশ, শিমলু ফুলাৰ বতৰত
আৰুনো কিমান দিন--
এইবাৰ একেবাৰে যামগৈ ।
ৰচনাকাল- ২৪ মে ২০১০ (২১ বছৰ)
আৰুনো কিমান দিন--
এইবাৰ একেবাৰে যামগৈ ।
ৰচনাকাল- ২৪ মে ২০১০ (২১ বছৰ)
Tuesday, July 31, 2012
কৃষ্ণচূড়াৰ চকুপানী
(অমিত পাঠক ছাৰৰ ল’ৰা "অংশ" (Ansh) লৈ)
মই মানুহ হ’ব খুজিও
মানুহ হ’ব নোৱাৰিলো |
কৃষ্ণচূড়াৰ ফুলবোৰ
সৰি গ’ল যেনেদৰে,
অস্তিত্বহীনতাৰ বতাহজাকে
মোকো সৰুৱাই থৈ গ’ল |
এতিয়াও মই জীয়াই আছো
নিসংগতাৰ সৈতে,
পৰিত্যক্ত জীৱন ধৰি;
মানুহ হৈও মানুহ হ’ব
নোৱাৰাৰ দুখত
ৰক্তাক্ত হৈ বৈ যোৱা
কৃষ্ণচূড়াৰ চকুপানীত উটি,
গৈ আছো, গৈ আছো
ৰচনাকাল- ১৬ জুন ২০১২ (২৩ বছৰ)
Friday, June 29, 2012
ৰঙীন মৃত্যু
(মোক কবিতা লিখিবলৈ উত্সাহ দিয়া মোৰ বান্ধবী মৃদুস্মিতা, ঐশ্যন্যা, ৰঞ্জনাৰ হাতত)
মই যিদিনাখন মৰিম,
সৰিয়হ ফুলবোৰ হালধীয়া হৈ ফুলিব,
মোক সৰিয়হডৰাৰ মাজলৈ লৈ যাবা
আৰু মই বিয়পি যাম তোমাৰ বুকুৰ
সেউজীয়াখিনিত!
হালধীয়াৰ পৰা সেউজীয়ালৈ,
এক অন্তহীন যাত্ৰা!
ৰচনাকাল-০৫ ফেব্ৰুৱাৰী ২০১১ (২২ বছৰ)
Thursday, June 21, 2012
সংগ্ৰামী বিষ্ণু-প্ৰসাদ ৰাভা
(ৰাভাদেৱৰ চৰণত শ্ৰদ্ধাৰ্ঘ)
হে সংগ্ৰামী মানৱ,
তুমি আছিলা দেশমাতৃৰ
সঁচা বীৰপুত্ৰ,
তুমি আছিলা উদিত সূৰ্য্য
আৰু থাকিবা তুমি,
চিৰকাল তেজোদীপ্ত হৈ|
ডেকা তেজক প্ৰেৰণা
আৰু সাহস দিবলৈ|
তুমি বৈ থাকা সদায়ে প্ৰতি
অসমীয়াৰ সিৰে-সিৰে
চিৰদিন-চিৰকাল|
তুমি কলাগুৰু
শিকোঁৱা আমাক;
ৰঙহীন জীৱন
ৰঙেৰে ভৰাই
কিদৰে আঁকিম আমি
জীৱন নামৰ জটিল
ছবিখনি|
তোমাৰেই সাহসেৰে
জগত জিনিবলৈ যাম আমি,
সময়ৰ বালিত তুমি দি
যোৱা পদচিহ্ন
অনুকৰণ কৰি|
ৰচনাকাল-২০ জুন ২০১২ (২৩ বছৰ)
Sunday, February 5, 2012
শাওঁণ আৰু মোৰ ছবি
শাওঁণৰ বৰষুণে সেমেকা কৰা
বোকাময় পথাৰৰ বুকুফালি
নকৈ ওলোৱা গজালি ধানৰ |
জুইযেন সোণাৰুৰ হালধীয়া
আৰু কঠীয়াতলীৰ সেউজীয়া
মোৰ অতিকে প্ৰিয় ;
ভাল লাগে বৰষুণৰ টোপালবোৰ |
তাৰেই আঁকি যাওঁ একো একোখন
নতুন ছবি |
এখন ছবিৰ সেউজীয়া, নীলা,
হালধীয়া, বিভিন্ন ৰংবোৰে
মোক দি যায়, আন এখন ছবিৰ
হেজাৰ সপোন |
ৰচনাকাল-১৮ জুন ২০০৭ (১৮ বছৰ)
বোকাময় পথাৰৰ বুকুফালি
নকৈ ওলোৱা গজালি ধানৰ |
জুইযেন সোণাৰুৰ হালধীয়া
আৰু কঠীয়াতলীৰ সেউজীয়া
মোৰ অতিকে প্ৰিয় ;
ভাল লাগে বৰষুণৰ টোপালবোৰ |
তাৰেই আঁকি যাওঁ একো একোখন
নতুন ছবি |
এখন ছবিৰ সেউজীয়া, নীলা,
হালধীয়া, বিভিন্ন ৰংবোৰে
মোক দি যায়, আন এখন ছবিৰ
হেজাৰ সপোন |
ৰচনাকাল-১৮ জুন ২০০৭ (১৮ বছৰ)
Thursday, January 12, 2012
অনুভৱ
অনুভৱবোৰ মোৰ বৈ যায়
নিৰ্জনতাৰ, ধূসৰতাৰ অটল গহ্বৰলৈ ;
সময়ৰ চকুপানীত উটি যায়
অসীমৰ সসীম সীমনালৈ |
কাল নৈয়ে গৰকা, জীৱনৰ
এই বালি চাপৰিত
মই বিচাৰিছো মোৰ
এৰি অহা দিনবোৰৰ স্মৃতি
মোৰ শৈশৱ, মোৰ কৈশোৰ আৰু
মোৰ জীৱনৰ সেউজীয়াবোৰ |
ক’তা ! সকলো নিশ্চিহ্ন
দেখোন অতীতৰ কোলাত |
বিচাৰি বিচাৰি মই শ্ৰান্ত-ক্লান্ত ;
পাহাৰে- পৰ্বতে, মৰুৰ প্ৰান্তৰে-প্ৰান্তৰে
কত বিচাৰিলো মই |
তথাপি বিচাৰি পোৱা নাই
বিস্মৃতিৰ গৰ্ভত ধূসৰ হৈ পৰা
মোৰ স্মৃতিৰ অনুভৱবোৰ |
ৰচনাকাল- ০৫ চেপ্তেম্বৰ ২০০৭ (১৮ বছৰ)
নিৰ্জনতাৰ, ধূসৰতাৰ অটল গহ্বৰলৈ ;
সময়ৰ চকুপানীত উটি যায়
অসীমৰ সসীম সীমনালৈ |
কাল নৈয়ে গৰকা, জীৱনৰ
এই বালি চাপৰিত
মই বিচাৰিছো মোৰ
এৰি অহা দিনবোৰৰ স্মৃতি
মোৰ শৈশৱ, মোৰ কৈশোৰ আৰু
মোৰ জীৱনৰ সেউজীয়াবোৰ |
ক’তা ! সকলো নিশ্চিহ্ন
দেখোন অতীতৰ কোলাত |
বিচাৰি বিচাৰি মই শ্ৰান্ত-ক্লান্ত ;
পাহাৰে- পৰ্বতে, মৰুৰ প্ৰান্তৰে-প্ৰান্তৰে
কত বিচাৰিলো মই |
তথাপি বিচাৰি পোৱা নাই
বিস্মৃতিৰ গৰ্ভত ধূসৰ হৈ পৰা
মোৰ স্মৃতিৰ অনুভৱবোৰ |
ৰচনাকাল- ০৫ চেপ্তেম্বৰ ২০০৭ (১৮ বছৰ)
Subscribe to:
Posts (Atom)