Friday, June 29, 2012
ৰঙীন মৃত্যু
(মোক কবিতা লিখিবলৈ উত্সাহ দিয়া মোৰ বান্ধবী মৃদুস্মিতা, ঐশ্যন্যা, ৰঞ্জনাৰ হাতত)
মই যিদিনাখন মৰিম,
সৰিয়হ ফুলবোৰ হালধীয়া হৈ ফুলিব,
মোক সৰিয়হডৰাৰ মাজলৈ লৈ যাবা
আৰু মই বিয়পি যাম তোমাৰ বুকুৰ
সেউজীয়াখিনিত!
হালধীয়াৰ পৰা সেউজীয়ালৈ,
এক অন্তহীন যাত্ৰা!
ৰচনাকাল-০৫ ফেব্ৰুৱাৰী ২০১১ (২২ বছৰ)
Thursday, June 21, 2012
সংগ্ৰামী বিষ্ণু-প্ৰসাদ ৰাভা
(ৰাভাদেৱৰ চৰণত শ্ৰদ্ধাৰ্ঘ)
হে সংগ্ৰামী মানৱ,
তুমি আছিলা দেশমাতৃৰ
সঁচা বীৰপুত্ৰ,
তুমি আছিলা উদিত সূৰ্য্য
আৰু থাকিবা তুমি,
চিৰকাল তেজোদীপ্ত হৈ|
ডেকা তেজক প্ৰেৰণা
আৰু সাহস দিবলৈ|
তুমি বৈ থাকা সদায়ে প্ৰতি
অসমীয়াৰ সিৰে-সিৰে
চিৰদিন-চিৰকাল|
তুমি কলাগুৰু
শিকোঁৱা আমাক;
ৰঙহীন জীৱন
ৰঙেৰে ভৰাই
কিদৰে আঁকিম আমি
জীৱন নামৰ জটিল
ছবিখনি|
তোমাৰেই সাহসেৰে
জগত জিনিবলৈ যাম আমি,
সময়ৰ বালিত তুমি দি
যোৱা পদচিহ্ন
অনুকৰণ কৰি|
ৰচনাকাল-২০ জুন ২০১২ (২৩ বছৰ)
Subscribe to:
Posts (Atom)