অনুভৱবোৰ মোৰ বৈ যায়
নিৰ্জনতাৰ, ধূসৰতাৰ অটল গহ্বৰলৈ ;
সময়ৰ চকুপানীত উটি যায়
অসীমৰ সসীম সীমনালৈ |
কাল নৈয়ে গৰকা, জীৱনৰ
এই বালি চাপৰিত
মই বিচাৰিছো মোৰ
এৰি অহা দিনবোৰৰ স্মৃতি
মোৰ শৈশৱ, মোৰ কৈশোৰ আৰু
মোৰ জীৱনৰ সেউজীয়াবোৰ |
ক’তা ! সকলো নিশ্চিহ্ন
দেখোন অতীতৰ কোলাত |
বিচাৰি বিচাৰি মই শ্ৰান্ত-ক্লান্ত ;
পাহাৰে- পৰ্বতে, মৰুৰ প্ৰান্তৰে-প্ৰান্তৰে
কত বিচাৰিলো মই |
তথাপি বিচাৰি পোৱা নাই
বিস্মৃতিৰ গৰ্ভত ধূসৰ হৈ পৰা
মোৰ স্মৃতিৰ অনুভৱবোৰ |
ৰচনাকাল- ০৫ চেপ্তেম্বৰ ২০০৭ (১৮ বছৰ)
ভাল লাগিল কবিতাটো পঢ়ি| লিখি থাকিব|
ReplyDelete‘তথাপি বিচাৰি পোৱা নাই
বিস্মৃতিৰ গৰ্ভত ধূসৰ হৈ পৰা
মোৰ স্মৃতিৰ অনুভৱবোৰ |’- সঁচাকৈ সুন্দৰ|