Friday, September 30, 2011

মাঘৰ কুঁৱলী আৰু সপোন

কুঁৱলীৰ ওৰণি ঠেলি
ওলাই আহিল ৰ’দালি |
খিৰিকী খুলি দিলো
দেখিলো সৰিয়হডৰাৰ
বিস্ফোৰিত হালধীয়া |

আঁঘোণৰ সোণালী চৰাই
কেনিবা উৰি গ’ল !
সৰিয়হডৰাৰ ওপৰত
এজাক মৌ-মাখিৰ
মিঠা গুণগুণনি |


ৰচনাকাল-২০ জানুৱাৰী ২০১০ (২১ বছৰ)

Wednesday, September 21, 2011

শীত আৰু মৃত্যু, ক্ৰমশঃ

ক্ৰমশঃ নামিছে শীত,
কপি উঠিছে দুহাত,
দুভৰি আৰু সৰ্বশৰীৰ |
আৰু কলিজাটোত !
চেচাঁ বতাহজাকে তাতো
কপনি তুলিছে |
স্তব্ধ কৰি আনিছে
কলিজাৰ ধপধপনি |
এটা জীৰ্ণ শৰীৰ |
জঠৰ হৈ আহিছে
বৰফ চেচাঁ শৰীৰ |
হত্যাৰ কি এক ষড়যন্ত্ৰ !
কলিজাৰ তেজবোৰ যেন
গোটমাৰি বৰফ হ’ল |
অসহ্যকৰ বিষ কলিজাত |
ক্ৰমশঃ শেষ হৈ অহা এটি
নিশ্বাস--------|


ৰচনাকাল-৩১ অক্টোবৰ ২০০৯ (২০ বছৰ)