বিষাদত নষ্ট জোন, তুমিহীনতাত |
বুকুফাটি ওলাই আহিব খোজে বিষাদ,
আৰু তাতেই তুমি থিতাপি লৈছিলা |
তোমাৰ পৰশত মই এখন বাৰিষাৰ
ভৰা নৈ হ’ব বিচাৰিছিলো |
হ’লো | কিন্তু তাতেই তুমি উটি গ’লা ;
কোনোবা অচিনাকি পাৰ বিচাৰি |
তোমাৰ ঘন চুলিটাৰিৰ ছাঁই
মোক বাৰিষা অহাৰ বতৰা দিছিলে |
তোমাক নোপোৱাৰ বেদনাত
মই হৈ পৰিছিলো উন্মাদ |
মই যিদিনাখন মৰিম,
শেঁৱালি ফুলবোৰ মোৰ গাত চতিয়াই দিবা |
মই বিয়পি যাম, শেঁৱালিৰ সুবাসত |
ৰচনাকাল-২১ মে ’২০১১ (২২ বছৰ)
বুকুফাটি ওলাই আহিব খোজে বিষাদ,
আৰু তাতেই তুমি থিতাপি লৈছিলা |
তোমাৰ পৰশত মই এখন বাৰিষাৰ
ভৰা নৈ হ’ব বিচাৰিছিলো |
হ’লো | কিন্তু তাতেই তুমি উটি গ’লা ;
কোনোবা অচিনাকি পাৰ বিচাৰি |
তোমাৰ ঘন চুলিটাৰিৰ ছাঁই
মোক বাৰিষা অহাৰ বতৰা দিছিলে |
তোমাক নোপোৱাৰ বেদনাত
মই হৈ পৰিছিলো উন্মাদ |
মই যিদিনাখন মৰিম,
শেঁৱালি ফুলবোৰ মোৰ গাত চতিয়াই দিবা |
মই বিয়পি যাম, শেঁৱালিৰ সুবাসত |
ৰচনাকাল-২১ মে ’২০১১ (২২ বছৰ)
No comments:
Post a Comment