Monday, August 15, 2011

তুমি যি বাটে গুচি গ’লা

তুমি যি বাটে গুচি গ’লা,
সেই বাটে ৰাঙলী ফাগুন গ’লগৈ |
মাথোঁ দি গ’ল মোৰ কলিজাত
এচপৰা ক’লা মেঘৰ বিষাদ ছায়াঁ |

তিতিলোঁ বিষাদৰ বৰষুণজাকত মই ;

কিমান তিতিলোঁ ! নিজেই নাজানো |
কিন্তু তুমি ঘূৰি নাহিলা,
মোৰ সতে তিতিবলৈ,
বিষাদৰ বৰষুণজাকত |


ৰচনাকাল-২০ ফেব্ৰুৱাৰী ২০১০ (২১ বছৰ)

No comments:

Post a Comment