Sunday, August 14, 2011

মুক্তি বিচাৰি

(মোৰ প্ৰিয়বন্ধু দীপাংকৰ চেতিয়ালৈ জন্মদিনৰ উপহাৰ)

একান্তই ব্যক্তিগত নৈ এখনৰ দৰে
বৈ গৈ আছিল সময়বোৰ;
মই থমকি ৰৈ গৈছিলো কোনোবাখিনিত |
নষ্টালজিযাত ভূগি মই থমকি ৰৈছিলো
কিহৰ বাবে, কাৰ বাবে নেজানো |
বিষাদৰ শিপাবোৰে চেপি অনা
মোৰ হৃদয়খনে মুক্তি বিচাৰে |
নষ্টালজিক হৃদয়খন আজি মোৰ লগত নাই |
ঘূৰি চালো অতীতলৈ; নাই !
মই এৰি অহা নাই মোৰ হদয় |
সময়বোৰ গৈ আছে |
নৈখন বৈ আছে |
মুক্তি বিচাৰি হৃদয়খনে চিঞৰি উঠে;
বিষাদৰ স্মৃতিবোৰৰ পৰা মুক্তি দিয়া |


ৰচনাকাল-১২ আগষ্ট ২০১১ (২২ বছৰ)

1 comment: