Monday, December 31, 2012

নাহিবা মোৰ নিস্তব্ধতাত

অকলশৰে বহি আছো ম‍ই ;
নাহিবা মোৰ নিস্তব্ধতা ভাঙিবলৈ।
আজি সকলো নিশ্চূপ, নিশব্দ।
সময়বোৰ থমকি ৰৈছে যেন মোৰ বাবে,
আৰু ময়ো এই জীৱনত।

তথাপি তোমাৰ বুকুৰ সেউজীয়াখিনি দেখি

আজি মোৰ উভতি যাবৰ মন গৈছে ;
সুদূৰ অতীত গৰ্ভৰ ল’ৰালি, কিশোৰলৈ।
সেই বোকা-পানীৰে ভৰা পথাৰলৈ,
শৰত্‍ত তলভৰি সৰা নিয়ৰসিক্ত শেৱালি
বুটলিবলৈ আৰু আঘোণৰ সোনোৱালী 
ধাননিত লেচেৰি বুটলিবলৈ।

মাঘত নঙঠা নৰাৰে সজা মেজি জ্বলাবলৈ

আজি মোৰ বৰ মন যায়।
কিন্তু আজি ম‍ই নিশ্চুপ, নিশব্দ।
চাৰিওফালে গভীৰ নিস্তব্ধতা।
দেৱাল ঘড়ীটোৱেও আজি মতা নাই
টিক টিক কৈ। চাগৈ ই মৰি আছে।

আজি যেন সময়বোৰ থমকি ৰৈছে, মোৰ বাবে,

আৰু ময়ো এই জীৱনত।
তুমি নাহিবা মোৰ নিস্তব্ধতা ভাগিবলৈ।


ৰচনাকাল-২৪ জুন ২০০৬ (১৭ বছৰ)

2 comments:

  1. সচাঁকৈয়ে ভাল লাগিল ৷ এই যাত্ৰা অব্যাহত ৰাখক ৷

    ReplyDelete