Thursday, July 4, 2013

জেতুকা ফুলৰ দৰে

(হীৰুদালৈ শ্ৰদ্ধাৰে)

জেতুকা ফুলৰ দৰে 

নেহাঁহিবা তুমি;
নিলাজ শাওঁণ হৈ 

পৰিব পাৰোঁ
তুমিটো জানাই 
শাওঁণত মোৰ দুৰ্বাৰ গতি
নৈ পাৰত ৰৈ

সিপাৰলৈ বেঙামেলি চাম
কিজানিবা দেখাঁ পাওঁ

তোমাৰ দুহাত জিলিকি থকা,
সেউজীয়া সাগৰখন

পথাৰৰ বোকা লাগি 

ৰঙচুৱা তোমাৰ নখত,
বেলি ডুবা চাবলৈ যাম

তোমাৰ স’তে একেলগে 

নৈপাৰত সন্ধিয়া বেলা

ৰচনাকাল- ০৪ জুলাই ২০১৩

Monday, June 10, 2013

জিকা ফুল

সন্ধিয়াৰ জিকা ফুল
সোঁৱৰাই দিয়ে,
উভতি নহাৰ বতৰা
আলোকচিত্ৰ: জিকা ফুল (c)

ৰচনাকাল-২৯-১২-২০১২

Monday, December 31, 2012

নাহিবা মোৰ নিস্তব্ধতাত

অকলশৰে বহি আছো ম‍ই ;
নাহিবা মোৰ নিস্তব্ধতা ভাঙিবলৈ
আজি সকলো নিশ্চূপ, নিশব্দ
সময়বোৰ থমকি ৰৈছে যেন মোৰ বাবে,
আৰু ময়ো এই জীৱনত

তথাপি তোমাৰ বুকুৰ সেউজীয়াখিনি দেখি

আজি মোৰ উভতি যাবৰ মন গৈছে ;
সুদূৰ অতীত গৰ্ভৰ ল’ৰালি, কিশোৰলৈ
সেই বোকা-পানীৰে ভৰা পথাৰলৈ,
শৰত্‍ত তলভৰি সৰা নিয়ৰসিক্ত শেৱালি
বুটলিবলৈ আৰু আঘোণৰ সোনোৱালী 
ধাননিত লেচেৰি বুটলিবলৈ

মাঘত নঙঠা নৰাৰে সজা মেজি জ্বলাবলৈ

আজি মোৰ বৰ মন যায়
কিন্তু আজি ম‍ই নিশ্চুপ, নিশব্দ
চাৰিওফালে গভীৰ নিস্তব্ধতা
দেৱাল ঘড়ীটোৱেও আজি মতা নাই
টিক টিক কৈ চাগৈ ই মৰি আছে

আজি যেন সময়বোৰ থমকি ৰৈছে, মোৰ বাবে,

আৰু ময়ো এই জীৱনত
তুমি নাহিবা মোৰ নিস্তব্ধতা ভাগিবলৈ


ৰচনাকাল-২৪ জুন ২০০৬ (১৭ বছৰ)